শিক্ষা আৰু ডিগ্ৰী

27 মাৰ্চ

ৰাতিপুৱাই ৱাটছএপত মেছেজ এটা আহিল কিবা ‘জয় বাবা শিব’ জাতীয়। নুমলিগড়ৰ কোনোবা মন্দিৰৰ পূজাৰীক নাগ দেৱতাই দেখা দি কৈছে কলি যুগত পাপীক ধ্বংস কৰিবলৈ তেওঁ পুনৰ জনম ল’ব। লগতে তেওঁৰ নাম লৈ যিয়ে ১০০ জন মানুহলৈ এই মেছেজ পঠিয়াব তাক ভগবানে সহায় কৰিব। কোনোবাই ১০০ টা মেছেজ পঠাই এক লাখ টকা পালে। কোনোবাই ৭০ টা মেছেজ পঠাই ব্যৱসায়ত বহুত লাভ কৰিছে। আৰু যিজনে মেছেজ পোৱাৰ ২৪ ঘণ্টাৰ পিছতো কালৈও ফ’ৰৱাৰ্ড নাই কৰা তেওঁৰ ভয়ঙ্কৰ বিপদ হৈছে। এনেকুৱা মেছেজ আমি সকলোৱে প্ৰায়ে বিভিন্ন সময়ত পাই থাকো। কিন্তু  মন কৰিবলগীয়া কথা হৈছে এই মেছেজ আহিছে আমাৰ এগৰাকী বন্ধুৰ পৰা যিয়ে গণিত বিষয়ত মাষ্টাৰ ডিগ্ৰী লৈ বৰ্তমানে  চৰকাৰী বিভাগ এটাত কনিষ্ঠ বিজ্ঞানী হিচাপে কৰ্মৰত। বন্ধুক কলো, বোলো এইবোৰ কি পঠিয়াইছ হেৰৌ! তেওঁ বোলে “মোৰ ভগবানৰ ওপৰত বিস্বাস আছে”। বন্ধুৰ লগত আৰু বিশেষ আলাপ নকৰি সেইভাগ তেনেকৈয়ে এৰা হ’ল। 

 

ভগৱান বিস্বাস কৰা বা পূজা অৰ্চনা কৰিলে বুলিয়ে মানুহে এনেকুৱা নাভুত নাশ্ৰুত কথাওঁ বিস্বাস কৰিব লাগেনে? সৰুৰে পৰা বিজ্ঞান শিক্ষাৰে শিক্ষিত ব্যক্তি এগৰাকীয়ে যদি এইবোৰ কথা যুক্তিৰে বিচাৰ কৰি নাচায় অশিক্ষিত মানুহ এজনে কি কৰিব। মেথেমেটিকচৰ মাষ্টাৰডিগ্ৰীধাৰি এজনে সাধাৰণ মেছেজ এটা পঢ়ি ভগৱানৰ ৰোষৰ বলি হ’ব বুলি ভয় খালে। তেওঁক ভণ্ড বাবা এজনে বাৰে ভচহু কথাৰে ভয় খুওৱাতো অত্যন্ত সৰু কথা।  এই বিষয়ত ইতিমধ্যে যথেষ্ট আলোচনা বিলোচনা বিভিন্ন মাধ্যমত বিভিন্ন সময়ত হৈ গৈছে আৰু বোলছৱি আদিও নিৰ্মান হৈছে। সেয়ে ইয়াৰ বিচাৰৰ দায়িত্ব আমি পাঠকৰ ওপৰতে এৰিলো।

 

এনে সময়তে কথা এটা মনলৈ আহে, আমাৰ সমাজত শিক্ষিত মানুহ এজনৰ শিক্ষাকালত লাভ কৰা জ্ঞানৰ প্ৰভাৱ নিজৰ জীৱনত  নপৰে নেকি? কিয়নো আমাৰ জনৈক বন্ধুৰ দৰে অনেক উদাহাৰণ আমি বাস্তৱ জীৱনত পায়েই থাকো। বিজ্ঞান শিক্ষাৰে শিক্ষিত ডেকা লৰা এজনে  ‘এই মেছেজ ফৰৱাৰ্ড নকৰিলে ভস্ম হৈ যাব, ধ্বংস হৈ যাব’ আদি বাৰে ভচহু কথা লিখা থকা মেছেজ এটা পঢ়ি ভয় নাখাই অতি সাধাৰণ যুক্তিৰে বিছাৰ কৰি চোৱাৰ মানসিকতাহে থকাৰ প্ৰয়োজন আছিল। মেছেজ দিয়া মানুহজনে কেনেকৈ গ’ম পালে যে মেছেজটো ফৰৱাৰ্ড নকৰিলে ভগৱানৰ ৰোষত পৰিব লাগিব, তেওঁক ভগৱানে নিজে আহি কৈ গৈছে নেকি কথাটো। এতিয়া কথাটো এনেদৰে হে ভাবিবলৈ আমি বাধ্য হৈছো যে পঢ়ি থকা কালচোৱাত সমস্ত কিতাপ আদি কিবাকৈ নাকে কাণে গুজি ডিগ্ৰীটো লোৱাৰ পাছত আৰু সেইপিনে পৰি নমস্কাৰ। সেই জ্ঞানৰ যদি কিবা দৰকাৰ আছে সেয়া অকল চাকৰিৰ দৰ্খাষ্টতহে। 

 

সাম্ৰতিক সময়ত আমাৰ সমাজৰ অধোনতিৰ অন্যতম এক কাৰণ হিচাপে আমাৰ ডিগ্ৰীসৰ্ব্বোচ্ছ শিক্ষা লোৱাৰ মানসিকতাক আঙুলিয়াব পৰা যায়। ডিগ্ৰীটো লৈ ভাল চাকৰি কৰি জীৱনটো কটোৱাৰ মানসিকতাই লাহে লাহে দকৈ শিপাইছে আমাৰ মনত। আৰু এয়া এদিন দুদিন বা এবছৰৰ ভিতৰত গঢ়ি উঠা মানসিকতা নহয়, স্বাধীনতাৰ প্ৰায় পিছৰ দুটা দশকৰে পৰা ক্ৰমান্বয়ে আমাৰ মানুহৰ মনত এই ভাবে ক্ৰিয়া কৰিব আৰাম্ভ কৰিছিল। সাম্প্ৰতিক সময়ত ইয়াৰ কুপ্ৰভাৱ আমি বাৰুকৈয়ে উপলদ্ধি কৰিছো। তাৰ বাবে আমি আমাৰ শিক্ষা ব্যৱস্থাক দোষাৰোপ কৰ নে সমাজ ব্যৱস্থাক সেয়া এক চিন্তনীয় বিষয়। আমাৰ বিস্বাস এই বিষয়ত আৰু অধিক চিন্তা চৰ্চা তথা আলোচনাৰ থল আছে। আশা আমাৰ আলোচনাই পাথকৰ মনত সমস্যা সমাধানৰ নতুন চিন্তাৰ উদ্ৰেক কৰিব।

Advertisements

মাজনিশাৰ মহাত্মা

29 অক্টো

কুকুৰ হলেই ভাল আছিল!

মাজনিশা চিঞঁৰিলো হেতেন,

কোনোবা অশৰীৰি প্ৰেতাত্মাৰ দৰে।

দুখবোৰেতো আৰু কথা নকয়,

কেতিয়াবা মাথো চিঞৰে,

গান্ধী তুমি ক’ত আছা বুলি!!!

মই নিমিত্ত মাথো,

কোনোমতে আছো জীয়াই,

কাৰ গচকত কেনি প্ৰাণ যায় নাজানো।

বাপুক কলো কালি ৰাতি,

মাঠো এবাৰৰ বাবে হলেও উভতি আহিবলৈ।

ভ্ৰষ্টাচাৰৰ সংজ্ঞা ইয়াত সলনি হৈছে,

ৰাইজে এতিয়া চিকেন পেপাৰণি খায়।

বাপুৰ স্বতন্ত্ৰতাৰ সেনানী ভূলুণ্ঠিত,

স্কাইস্ক্ৰেপাৰৰ আকাশলঙ্ঘী উচ্চাকাংশাত।

গ্লবেলাইজেছনৰ কামুক জিহ্বাই হাতোৰা মেলিছে,

তেঁওৰ যঁতৰৰ ভেটিও থৰক বৰক।

কিবা এটা কৰক ডাঙৰীয়া,

এয়া সময়ৰ আহ্বান।

মাজনিশাতো মদাহীও বিচনা লয়,

আপুনিতো আৰু  নপুংশক নহয়!!!

নে কুকুৰ হ’ব বিচাৰে!

ওৰে ৰাতি ভুকিবলৈ???

অজগৰ ৰজাৰ উপাখ্যান

21 জুলাই

(তুলনাম্তক বংগ্য গল্প)

 

এখন দেশত এজন ৰজা আছিল। আমাৰ প্ৰায়ভাগ সাধুৱেই সাধাৰণতে এনেকেই আৰাম্ভ হয় বা হৈছিল, সেয়া লাগিলে দেশীয়ে হওক বা বিদেশী আমি শুনিছিলো আৰু হয়তো ভৱিষ্যতেওঁ শুনিম। সেয়ে আকৌ তেনে এক কাহিনীয়েই আজি অমুকাই শুনাব ওলাইছে। গতিকে ৰাইজ হাত ভৰি পোনাই বহি হামাৰ এহি কাহিনীক শুনহ আৰু ভাবি ভাবি দেখহ আৰু নিৰন্তৰে কিবা যি মন যায় তাকে বোলহ। তেন্তে আহো সেই ৰজা জনৰ ওচৰলৈ। তেওঁ এজন বিদগ্ধ পণ্ডিত তথা জ্ঞানী পুৰুষ আছিল। তেওঁ একেধাৰে চালাক, চতুৰ, বুদ্ধিসম্পন্ন, বিশ্বাসী, কৰ্তব্যপৰায়ন ও কৰ্মী তথা সুবিধাবাদী আৰু এজন সু নেতা আছিল। হওতে তেওঁৰ সমকক্ষ আৰু বহুতো নেতা, পালিনেতা, উপনেতা, প্ৰতিনেতা, উপপ্ৰতিনেতা, উপপালিপ্ৰতিনেতা ইত্যাদি ধেৰ আছিল যদিও সকলোকে লেং মাৰি ৰাজভোগৰ ক্ষমতা দখল কৰাৰ বিশেষ গুণৰ অধিকাৰী আচলতে তেওঁহে আছিল। সেয়ে বিনাদিধাই সম্পূৰ্ণ বাৰহেজাৰ বছৰ কাল তেওঁ সিংহাখন অধিকাৰ কৰি আছিল।

ৰজাৰ কথা বৰকৈ কৈ থাকিলে অমুকাক ৰাজ আজ্ঞাবাহী ভৃত্য বুলি ৰাইজে যাতে ভুল নুবুজে তাৰবাবে অমুকাই উক্ত সময়ৰ মানে ইতিমধ্যে উল্লেখ কৰা সময়ৰ প্ৰজাসকলৰ কথাও কিছু বৰ্ণনা কৰিব বিচাৰিছে। হওতে তাক জনকল্যানমুখী তথা জনমুখী আৰু পাবত গজা তথা থৰকাচুতি হেৰুৱা নেতাৰ ভাষণ বুলি যেন ৰাইজে ভুল নুবুজে। তাকে কবলৈ যাওতে দুই এবাৰ ভুলতে সাধাৰণ ৰাইজৰ দুখ দুৰ্দশাৰ বৰ্ণনা কৰাৰ ধৃষ্টতা অমুকা অধমে কৰিলেও কৰিব আৰু তাকে বোলে শুনহ, পঢ়হ, ভাবি ভাবি দেখহ আৰু নিৰন্তৰে যি মন যায় তাকে বোলহ। ৰাজাভিষেকৰ আদিকালত ৰাইজসকলে সম্পূৰ্ণ আৰামত ৰাজ্যত মুক্তভাবে ফুৰি চাকি আনন্দ বিহাৰ কৰি আমোদ প্ৰমোদত দিন কটাইছিল। কোনেও একো উপাৰ্জন কৰি অন্নমুঠি মোকলোৱাৰ কথা চিন্তা কৰিব নেলাগিছিল কাৰণ সকলোফালে সকলোৰে উভৈনদী অৱস্থা আছিল। কিন্তু এনে হৰিষৰ সময় দীৰ্ঘস্থায়ী নহৈ অত্যন্ত দুৰ্ভাগ্যজনকভাবে চুটি হৈছিল কাৰণ ৰাজ্যত আকালে দেখা দিছিল। তাৰ পাছতে আনৰ পৰা কাঢ়ি নিজৰ পেট ভৰোৱাৰ এক অলিখিত, অনামাংকিত, অনিৰ্ধাৰিত তথা অপৰিকল্পিত প্ৰথা ৰাজ্যত প্ৰচলন হৈছিল।

হেন সময়তে আমাৰ প্ৰজাবতসল মহান ৰজাৰ মহামন্ত্ৰী শ্ৰীল শ্ৰীযুত বহিনাৰায়ন হিতোপদেশু ভিস্মপদৰ আবিৰ্ভাৱ হয়। হওতে তেওঁ আদিকালৰ পৰাই বিৰাজমান আছিল যদিও অমুকাৰ উপখ্যানাত কিছু ৰহণা সনাৰ উদ্দেশ্যে অমুকাই তেখেতক এই সমস্যাজৰ্জৰ সময়ত আবিৰ্ভাৱ ঘটাইছে। এনেকুৱা সামান্য সাধাৰণ ভুল ভ্ৰান্তি পৰিহাৰ কৰি ৰাইজে হাত ভৰি পোনাই বহি বা শুই যিয়ে যেনেকৈ পাৰে বোলো বাকী কাহিনীভাগ পঢ়ি বুজি দেখি অতি সোনকালে কিবা এষাৰী মন্তব্য কৰিব লাগে। বাৰু যি কি নহওক, আমাৰ মন্ত্ৰী ভিস্মপদও একেই বদ প্ৰথাত আক্ৰান্ত হৈ চলে নোৱাৰি বলেও নোৱাৰি অৱশেষত কৌশল প্ৰয়োগ কৰি পেট নভৰালেও নিজকে ৰাজসিংহাসনত ভৰোৱাৰ কৌশল ৰটনা কৰিব ধৰিলে। আৰু তাকেই সৰোগত কৰি এই বিশাল ৰাজসভাৰ সমূহ ৰাজপৰিষদ দুটা ভাগত বিভক্ত হৈ এটাই আনটোক আক্ৰমন কৰাত লাগিল। চাওতে চাওতে সমূহ ৰাজ্য থান বান হৈ পৰিল আৰু কাৰো পানীত কোনো ঘৰৰে পোহ্গনীয়া বা বনৰীয়া যিয়ে নহওক মুঠতে হাঁহ নচৰা অৱস্থা হ’ল।

ৰজা এজন থকা যিখন দেশৰ কথা অমুকাই অথনিৰে পৰা ৰাইজৰ আগত বলকি আছিল শেহৰ পিনে সেইখন দেশত এশ এবুৰি মান ৰজাৰ আবিৰ্ভাৱ ঘটিলে আৰু একেবাৰে শহৰ পিনে সোপাকে বিদেশৰ পিনৰ পৰা অহা অজগৰ জাতীয় সাপ কেইটামানে গিলি থলে। অজগৰ কেটা বোলে আদিকালৰ পৰাই সীমাৰ সিপাৰে চোপ লৈ আছিল, সময় সুবিধা বুজি খোট মাৰিলে আৰু সোপাকে গিলিলে। আজি সেই দেশৰ প্ৰজাসকল অজগৰৰ অধীনত দিন পাৰ কৰি কৰি নিজেও একো একোটা অজগৰত পৰিনত হৈছে। সিহতে সময় সুবিধা মিলিলেই গোটে গোটে গিলি পেলাই। গিলিবলৈতো বাকী একো নাই, লগৰ আন এটা অহগৰকে থিয়ই থিয়ই গিলি দিয়ে সিহতে। শুনিব পোৱামতে, মানে কোনোবা ঋষিমুনিয়ে দিয়া হিচাপমতে হেনো অৱশেষত এটা তুলনামূলকভাৱে শক্তিশালি অজগৰ বাকী ৰবগৈ আৰু সি ৰজা হবগৈ। অমুকাৰ হিচাপা মতে আগলৈ আকৌ কোনোবাই সেই অজগৰটোক লৈয়ে সাধু কব “এখন দেশত এক ৰজা আছিল…..।”

Entropies

Random waves

Abdul Kalam Azad

Speaking from the margin!

কোলাহল হৃদয়ৰ

a man can be defeated but not destroyed

সীমাৰ পৰিধি

মোৰ চিন্তাৰ বহি:প্ৰকাশ

আকাংক্ষা

মোৰ চিন্তাৰ বহি:প্ৰকাশ

মোৰ জীৱনৰ ডুখৰিয়া কিছু অনুভৱ . .

মোৰ চিন্তাৰ বহি:প্ৰকাশ

ৰক্তিম- গীতেৰে কথাৰে

মোৰ চিন্তাৰ বহি:প্ৰকাশ

শব্দ বৰষুণ....

মোৰ চিন্তাৰ বহি:প্ৰকাশ